লঠঙা ফাগুন।



তুমিটো নাজানা মোৰ জীৱন এতিয়া কিমান দুৰ্বিসহ!
থান বান হৈ যোৱা হৃদয়ৰ টুকুৰা বোৰ লৈ জীয়াই থকাৰ তাড়না জানো ইমান সহজ।।

যদিও মোৰ জীৱন এক অসমাধিত সমীকৰণ
তথাপি জীৱনৰ প্ৰতি নাই কোনো ক্ষোভ।
এটি মাথোঁ অন্তিম আশা;
নিয়তিৰ কবলত তুমি এদিন ঘূৰি আহিবা,
পুনৰ ফুলাই তুলিবাহি মোৰ বুকুৰ খৰিকাজাঁই,
ঘূৰাই আনিবা সেই দিনবোৰ,
মোৰ আবেগ, মোৰ স্পন্দন আৰু কত যে কি!
হয়টো তুমি ৰঞ্জিত কৰিব পাৰিবা নানা ৰঙী সপোন
দেখা মোৰ ধ্বংসস্তুপত পৰিণত মনটো।

আহিব যে আকৌ এনে এটি দিন
যিদিনা আমি দুয়ো হাতত হাত ধৰি খোজ কাঢ়িম
কথা পাতিম অনৰ্গল তোমাৰ চকুত চকু থৈ,
নিবিড় হৈ যাম ইজনে সিজনৰ লগত।
আহঃ কি মধুৰ!

নাহৰৰ মাজে মাজে বতাহৰ সৈতে উৰি অহা সেই তুমি জনী,
তুমি বাৰু আজিও পিন্ধানে মোৰ ভাল লগা সেই কুহুম বুলীয়া সাজ জোৰ?
তোমাৰ সেই গভীৰ চকুহালত বাৰু একেদৰেই আছেনে ব্যাকুলতা?
আৰু আৰু ষ্ট্ৰীত লাইটৰ হালধীয়াত ভাস্বৰিত তোমাৰ মৰম লগা মুখ খনি, বৰষুণত সিক্ত চুলিতাৰি...
আহ অসহনীয়,
স্মৃতি বোৰে বৰকৈ বিন্ধিছে জানা।।
জানানে তুমি আজি যে মই অশ্ৰুহীন।

তুমি দিয়া উপহাৰ বিলাক যে মই বৰ সযতনে ৰাখিছোঁ জানা,
তাতেই মই বিচাৰি পাওঁ তোমাৰ শৰীৰৰ সেই চিনাকি গোন্ধ।

শেষত
ফাগুনৰ সমীৰে লঠঙা কৰা মইটো পুনঃ বসন্তৰ অপেক্ষাত...

~বিদ্যুৎ

Post a Comment

1 Comments

todaysneed4u said…
দেৱদাস l i t e