বেশ্যা

 বেশ্যা

ব্যস্ত চহৰৰ, কুখ্যাত গলিৰ, কদৰ্য্যময় পৰিবেশৰ
মই এজনী নামী বেশ্যা।।
হয় মই বেশ্যা!
সমাজৰ পৰা উপেক্ষিত, লাঞ্ছিতা ময়ে সেই নাৰী
ময়ে নাৰী জাতিৰ কলঙ্কিতা, ময়ে তেজ মঙহৰ পণ্য।
ময়ে নহয় জানো জীৱন যুদ্ধত হাৰি যোৱা সেই মহীয়সী।।

থাকিব পাৰে জানো মোৰ স্বাভিমান, আত্মসত্তা কিম্বা নিজা পৰিচয়।
থাকিব পাৰে জানো মোৰ নাৰী সত্তাৰ পৱিত্ৰতা।
মই যে এজনী বেশ্যা!

ময়োতো এগৰাকী নাৰী!
মোৰো হেপাহ আছিল দুৰ্বাৰ নাৰী সত্তাৰ পৱিত্ৰতাৰে জীয়াই থকাৰ,
মোৰ শৰীৰেও যে বিচাৰে পুৰুষৰ কামনাহীন মৃদু স্পৰ্শ, নিস্বাৰ্থ দুবাহুৰ সজোৰ বান্ধোন
কিন্তু কোনে শুনিব এগৰাকী পতিতাৰ হৃদয়ৰ বিননি।।
আছে জনো মূল্য আবেগবিহীন স্পৰ্ধাহীনা এজনী বেশ্যাৰ মিনতিৰ।।
এক কৰুণাহীন মূৰ্ত্তিৰ জানো থাকিব পাৰে ব্যাকুলতা!

হয় ময়ে উপেক্ষিত, অপৱিত্ৰা,, কলংকিতা সেই নাৰী
নাম মোৰ বেশ্যা।।

-বিদ্যুৎ (16/11/19)

Post a Comment

0 Comments