🖋য়েছে দৰজে ঠংচি
পৃষ্ঠাঃ ২৪০
মূল্যঃ ১২০ টকা
বনলতা প্ৰকাশন

'শৱ কটা মানুহ'- নামেই যিখন গ্ৰন্থৰ পৰিচয়। এক কথাত য়েছে দৰজে ঠংচি ডাঙৰীয়াৰ 'শৱ কটা মানুহ' গ্ৰন্থখন 'মৌন ওঁঠ মুখৰ হৃদয়' গ্ৰন্থখনৰ দৰেই অতি উৎকৃষ্ট মানদণ্ডৰ গ্ৰন্থ। য়েছে দৰজে ঠংচি মানেই যেন জনজাতীয় সমাজৰ এখনি সুন্দৰ দৃশ্যপট। তেখেতে জনজাতীয় সমাজৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, হাঁহি-কান্দোন, হাই-কাজিয়া সকলো বিষয়ৰে অতি সুক্ষ্মাতিসুক্ষ্ম পৰ্যবেক্ষণ কৰি পাঠকৰ হাতত তুলি দিয়ে এনে কিছু উপহাৰ, যি উপহাৰৰ বাবে পাঠক সদায় অপেক্ষাৰত। 'শৱ কটা মানুহ' গ্ৰন্থখনো তাৰ ব্যতিক্ৰম নহয়।
অৰুণাচল প্ৰদেশৰ মনপা জনজাতি হ'ল উপন্যাসখনৰ পটভূমি। পাঠকে উপন্যাসখনৰ জৰিয়তে সেই সময়ৰ সহজ-সৰল, উদাৰমনৰ, অকৃত্ৰিম মনপা জনজাতিটোৰ ওপৰত এক সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মসূত্ৰে লেখকৰ মনপা সমাজ তথা মনপা মানুহক অতি ওচৰৰ পৰা অধ্যয়ন কৰাৰ সৌভাগ্য হৈছিল। বিষেশকৈ মনপা জনজাতিৰ মৃত মানুহৰ শৱ কাটি নদীত উটুৱাই সৎকাৰ কৰাৰ প্ৰথাটোৱে হ'ল উপন্যাসখনৰ মূল প্লট। টাৱাং জিলাৰ ভৌগোলিক অৱস্থান, নদ-নদী, পাহাৰ-ভৈয়াম, অৰণ্য আদিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনাই গ্ৰন্থখনৰ শোভা বঢ়াইছে।
গ্ৰন্থখনৰ চৰিত্ৰসমূহ কাল্পনিক হ'লেও কেইটামান বাস্তৱিক চৰিত্ৰও সন্নিৱিষ্ট কৰিছে। গ্ৰন্থখনৰ মূখ্য চৰিত্ৰ হ'ল 'দ্যাৰগে নৰবু'। পেছাত এজন শৱ কটা মানুহ। অৱশ্য পেছা শব্দটোতকৈ 'ধৰ্ম' শব্দটোৰহে প্ৰযোজ্যতা অধিক। লেখকে নৰবুৰ সৰুকালৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ জীৱনৰ সকলো পৰ্দা আঁতৰাই এখন স্বচ্ছ দাপোনত প্ৰতিবিম্বটো অংকন কৰিছে। তাৰ দ্যাৰগে নৰবু নামটো মাত্ৰ পূজা-পাতল অথবা বেমাৰ-আজাৰৰ সময়ত মংগল চোৱাতে সিমিত থাকি থাম্পা নামেৰেহে অস্তিত্ব আছিল। যাৰ অৰ্থ শৱ কটা মানুহ। গ্ৰন্থখনত তাৰ মাক-দেউতাক, লগৰীয়া, সৰুকালৰ প্ৰেমিকা, ঘৈণীয়েক আৰু জীয়েকৰ লগত হোৱা সকলো মধুৰ আৰু তিক্ততাভৰা দৃশ্য অতি জীৱন্ত ৰূপত উপস্থাপন কৰিছে। শৱ কটা সময়ৰ দৃশ্যবোৰে মানসপটত এক সুকীয়া আলোড়নৰ সৃষ্টি কৰি যায়। মৃত মানুহৰ গেলা-পচা শৱবোৰ নিৰাৱৰণ কৰি খণ্ড খণ্ডকৈ টুকুৰা টুকুৰ কৰি নদীত উটুৱাই দিয়াৰ দৃশ্য, নিচাগ্ৰস্ত অৱস্থাত মৃত শৱবোৰৰ বিভিন্ন অংগত লিৰিকি বিদাৰি চোৱাৰ বৰ্ণনা আৰু তিৰোতা মানুহৰ শৱবোৰৰ বিশেষ বিশেষ অংগত বন্য কামনাত কৰা অশ্লীল স্পৰ্শবোৰৰ বৰ্ণনা, তেজ-পূঁজ দুৰ্গন্ধৰে বিভীষিকাময় পৰিবেশৰ প্ৰতিটো চিত্ৰৰ সাৱলীল বৰ্ণনাই লেখকৰ ৰচনাশৈলীৰ অভিনৱত্বৰ বিষয়ে উমান দিয়ে।
Shopping Zone:
অসীমত যাৰ হেৰাল সীমা
Shopping Zone:
অসীমত যাৰ হেৰাল সীমা
গ্ৰন্থখনৰ অন্য এক মূখ্য চৰিত্ৰ হ'ল ৰিণচিন জোম্বা (ৰিজোম্বা)। থাম্পা দ্যাৰগে নৰবুৰ হৃদয়ত বিশেষ স্থান লোৱা ৰিজোম্বাই কালক্ৰমত ৰিমপোচে তথা নোৰলজোম আনে চাংগেৰ দৰে বিৰল সন্যাসিনীলৈ বিৱৰ্তন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰচিত ঘটনাসমূহে পাঠকক এক কৌতূহলপূৰ্ণ গহ্বৰলৈ লৈ যায়। ৰিজোম্বাৰ লগত হোৱা আও থাম্পাৰ প্ৰেমৰ বাৰ্তালাপ, মধুৰ ক্ষণবোৰ আৰু আপোনজনক হেৰুৱাৰ বিষাদৰ ছাঁয়াই পাঠকৰ মনো সেমেকাই তুলে।
উপন্যাসখনত চীন ভাৰতৰ মাজত হোৱা যুদ্ধই বিশেষ স্থান দখল কৰিছে। চীন ভাৰতৰ মাজত হোৱা যুদ্ধই কিদৰে মনপা জনজাতিটোক তচনচ কৰি পেলাইছিল, দ্যাৰগে নৰবু হঁতৰ দৰে জীৱনবোৰে কিদৰে দিকবিদিক হেৰুৱাইছিল; গম্বু, জিগমে, ঙৱাং, পেমাহঁতৰ কৰুণ মৃত্যুৰ বৰ্ণনা অতি কাব্যিক।
উপন্যাসখনত চীন ভাৰতৰ মাজত হোৱা যুদ্ধই বিশেষ স্থান দখল কৰিছে। চীন ভাৰতৰ মাজত হোৱা যুদ্ধই কিদৰে মনপা জনজাতিটোক তচনচ কৰি পেলাইছিল, দ্যাৰগে নৰবু হঁতৰ দৰে জীৱনবোৰে কিদৰে দিকবিদিক হেৰুৱাইছিল; গম্বু, জিগমে, ঙৱাং, পেমাহঁতৰ কৰুণ মৃত্যুৰ বৰ্ণনা অতি কাব্যিক।
মনপা জনজাতিৰ ধৰ্মৰ প্ৰতি থকা অটল বিশ্বাস, তেওঁলোকৰ আৰাধ্য দেৱতাৰ প্ৰতি থকা গদগদ ভক্তিয়ে গ্ৰন্থখনত অন্য এক প্ৰবাহৰ গতি লয়। ধৰ্মৰ প্ৰভাৱত এসময়ৰ কল্পকাহিনীৰ নায়ক দ্যাৰগে নৰবু যিজনে নিচাগ্ৰস্ত অৱস্থাত অসংযত কাপোৰ-কানিৰে ঢলং পলং কৰি ঘূৰি ফুৰে, অত্যন্ত লেতেৰা, দুৰ্গন্ধময়, মানুহৰ শৱ কাটোতে লগা তেজ-পূঁজ, গেলা মাংস, চৰ্বি, প্ৰস্ৰাব-পায়খানা আদিৰে পিষ্ট হৈ দেহত অগণন ওকণিৰ বাসভূমি কৰি তুলে সেই মানুহজন কিদৰে এজন শ্ৰদ্ধা ভক্তিৰে আবৃত পৰিস্কাৰ পৰিচ্ছন্ন ভাল মানুহলৈ পৰিৱৰ্তিত হ'ল তাৰেই নিদৰ্শন দাঙি ধৰিছে।
Also read
শেষত,
গ্ৰন্থখনৰ জৰিয়তে লেখকে পাঠকক এটা জাতিৰ এটা যুগৰ এখন পূৰ্ণ প্ৰতিচ্ছবিৰ সাক্ষী কৰি ৰাখিছে।
গ্ৰন্থখনৰ জৰিয়তে লেখকে পাঠকক এটা জাতিৰ এটা যুগৰ এখন পূৰ্ণ প্ৰতিচ্ছবিৰ সাক্ষী কৰি ৰাখিছে।
সেৱাৰে।
বিদ্যুৎ
বিদ্যুৎ


0 Comments