ড° ৰুবুল মাউতৰ
'মোৰো এটা সপোন আছে'
পূৰ্বায়ণ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা ড° ৰুবুল মাউতৰ আত্মজীৱনীমূলক গ্ৰন্থ 'মোৰো এটা সাপোন আছে' এখন বাস্তৱধৰ্মী, হৃদয়স্পৰ্শী, সাম্প্ৰতিক সময়ক প্ৰতিনিধিত্ব কৰা অতুলনীয় গ্ৰন্থ। যুৱ প্ৰজন্মৰ চিন্তাধাৰা আৰু শিক্ষাগত জীৱনকে ধৰি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ যাওঁতে সন্মুখীন হোৱা সংগ্ৰাম তথা মানসিক চাপৰ এখন জীয়া প্ৰতিচ্ছবি অলপো হীন দেৰি নকৰাকৈ উপস্থাপন কৰিছে। মূলত গ্ৰন্থখনৰ বিষয়বস্তু তেনেই পৰিচিত- এফালে সংগ্ৰাম আৰু আনফালে দৰিদ্ৰতাৰ একুৰা জলন্ত জুই। উৎসাহ আৰু অনুপ্ৰেৰণাৰ দিশৰ পৰা গ্ৰন্থখনৰ স্থান শীৰ্ষত।
২০১৭ চনৰ অক্টোবৰ মাহত প্ৰকাশ পোৱা গ্ৰন্থখনত অসম অৰুনাচল সীমান্তৰ কৈলাসপুৰৰ টঙনা নগাঁও নামৰ গাঁৱত জন্মগ্ৰহণ কৰা লেখকৰ প্ৰৱল ইচ্ছাশক্তি, গভীৰ আত্মবিশ্বাস আৰু ধৈৰ্য্যৰ বলত অৰ্থনৈতিক বাধা অতিক্ৰম কৰি গৱেষণাৰ বাবে সূদূৰ আমেৰিকালৈ কৰা যাত্ৰাৰ এক মৰ্মস্পৰ্শী বিৱৰণ প্ৰতিফলিত হৈছে। আত্মজীৱনী খনত অভাৱনীয় ভাবে চিত্ৰিত হৈছে সংগ্ৰামৰ ইতিহাস, ব্যক্তি জীৱনৰ বিৱৰ্তনৰ ইতিহাস।
চাৰিটা খণ্ডত বিভক্ত গ্ৰন্থখনৰ প্ৰথম খণ্ডটোৰ নাম দিয়া হৈছে 'শৈশৱ'। ৩৭ পৃষ্ঠাজোৰা এই খণ্ডটোত লেখকৰ পূৰ্বপুৰুষ আৰু শৈশৱকালৰ বিতং বৰ্ণনা পোৱা যায়। গ্ৰন্থখনৰ আৰম্ভণি হৈছে 'বহল চাংখনৰ কাষতে দীঘল টেবুলখন। চাৰিটা খুঁটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে চাঙেই'। আৰু গ্ৰন্থখনৰ প্ৰথম খণ্ডটোৰ সামৰণি পৰিছে 'জীৱনত এটা নতুন সপোনে পোখা মেলিবলৈ ধৰিলে।' বহল চাংখনৰ পৰা দীঘল টেবুলখনলৈ ব্যৱধান নিতান্তই সীমিত কিন্তু বাঁহৰ টেবুলৰ পৰা নতুন সপোনে পোখা মেলাৰ ব্যৱধান বহু বেছি। এই ব্যৱধানৰ মাজত আছে প্ৰতিকূলতাৰ কেইবাখনো হিমালয়। কিন্তু ৰুবুল মাউত ব্যতিক্ৰম।
গ্ৰন্থখনৰ প্ৰথম খণ্ডত লেখকৰ শৈশৱৰ বৰ্ণনাৰ মাজেৰে পাঠকে লেখকৰ ব্যক্তিগত জীৱনৰ লগতে আশীৰ পৰা নব্বৈ দশকৰ অসমীয়া সমাজৰ সামাজিক আৰু অৰ্থনৈতিক দিশৰ সৈতেও পৰিচিত হ'ব পাৰিব। এই খণ্ডটোত লেখকৰ ভাষা মাজে মাজে কাব্যধৰ্মী হৈ পৰিছে। তদুপৰি গ্ৰন্থখনৰ প্ৰথম খণ্ডটো পঢ়াৰ পাচতে পাঠকে লেখকৰ কথনশৈলীৰ অভিনৱত্বৰ বিষয়েও উমান পাব পাৰি।
Click here to buy now
Click here to buy now
গ্ৰন্থখনৰ আটাইতকৈ আকৰ্ষনীয় দ্বিতীয় খণ্ডটোৰ নাম দিয়া হৈছে 'সংগ্ৰাম'। এই খণ্ডটো পঢ়াৰ পাচত বোধহয় 'সংগ্ৰাম' আৰু 'সীমাহীন সংগ্ৰাম'ৰ ভিতৰত নিয়তিয়ে লেখকক প্ৰদান কৰিছিল সীমাহীন সংগ্ৰামৰ উপহাৰ। এই উপহাৰ লেখকৰ বাবে বহু সময়ত ভয়ংকৰ হৈ উঠিছিল, জীৱনৰ গতি স্তব্ধ কৰি দিব বিচাৰিছিল। কিন্তু লেখকৰ কৃচ্ছ্ৰ সাধনাৰ বলত এই সংগ্ৰাম এদিন সুযোগলৈ ৰূপান্তৰিত হৈছিল।
গ্ৰন্থখনৰ তৃতীয় খণ্ডটোৰ নাম দিয়া হৈছে 'সুযোগ'। এই খণ্ডটোত লেখকে গৱেষণাৰ বাবে প্ৰথমে মুম্বাই আৰু পৰৱৰ্তী সময়ত আমেৰিকালৈ যোৱাৰ কথা বৰ্ণিত হৈছে। কঠোৰ সংগ্ৰামৰ মাজেৰে লেখকে জীৱনত লাভ কৰা সুযোগবোৰক 'ট্ৰেজাৰ হান্ট' খেলবিধত পোৱা একোটাকৈ 'ক্লু' হিচাপে অভিহিত কৰিছে। এই 'ক্লু' বোৰৰ পম খেদিয়েই লেখেকে এদিন আমেৰিকা পাইছিলগৈ। এই খণ্ডটো পঢ়াৰ পিছত পাঠকে লেখকৰ গৱেষণাৰ বিষয়ৰ ওপৰত অৱগত হোৱাৰ উপৰিও চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত বিভিন্ন জ্ঞান আহৰণ কৰিবলৈও সক্ষম হ'ব।
গ্ৰন্থখনৰ অন্তিম খণ্ডটোৰ নাম দিয়া হৈছে 'দেউতাৰ অসুখ'। ৰুবুল মাউত নামৰ অতি পিছপৰা দৰিদ্ৰ পৰিয়লৰ এজন লোকক ড° ৰুবুল মাউতলৈ উত্তৰণ ঘটোৱাত তেওঁৰ পিতৃৰ ভূমিকা আছিল অনন্য। এই খণ্ডত উল্লিখিত কেইষাৰীমান বাক্যই তাৰেই ইংগিত বহন কৰিছে। উদাহৰণস্বৰূপে- 'এখন অখ্যাত গাৱঁত এটি কিশোৰ উৰিবলৈ বিচাৰিছিল। অক্ষম দেউতাকে নানা সংঘাতৰ মাজেদি কিশোৰটিক দুহাতেৰে ধৰি ওপৰলৈ তুলি দিছিল, যাতে সি উৰিব পাৰে। কিশোৰটি উৰি গ'ল আৰু দেউতাকজনে আকশত তাৰ উৰণ চাই চাই তাতে ৰৈ গ'ল। সন্তানৰ উৰণ চাই চাই গৌৰৱান্বিত হোৱা সেই দেউতাকজন এই পৃথিৱীৰ পৰা আঁতৰি গ'ল।'
এক স্থিৰ লক্ষ্যক বিভিন্ন প্ৰতিকূলতাৰ মাজেৰে শেষ বিন্দুলৈ লৈ যোৱাই হৈছে- 'সংগ্ৰাম'।
বিশেষ দ্ৰষ্টব্যঃ পাঠকসকলৰ জ্ঞাতাৰ্থে জনাঁও যে উক্ত গ্ৰন্থখনে ২০১৭ বৰ্ষৰ অক্টোবৰৰ পৰা আজিৰ তাৰিখলৈকে এই অতি কম সময়তে দ্বাদশ প্ৰকাশনত ভৰি দিবলৈ সক্ষম হৈছে।

0 Comments